এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১অ]
২৪৩
শ্ৰীশ্রীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত
দিয়া ভকতক ৰাখে সাজেকক
অধিক নলাগে তানে॥৪৷৷
—লােটা বিঘিনি—
একদিন এক গুটি লোটা তাঙ্ক
মাধৱদেৱে দিলন্ত।
শ্ৰীৰাম আতৈ একো নুবুলিয়া
বাসাক তাঙ্ক নিলন্ত ॥৫৷৷
মাধৱে পাছত পঠাইলা ভকত
দেখা নেদি শ্ৰীৰামক।
বেৰ আৰে গৈয়া চায়ি থাকা গৈয়া
বাসা যাই কান্দিবেক॥৬৷৷
ভক্ত জনে যাই আঁৰে আছা চাই
লোটাটো আগত থই।
কান্দন্ত বসিয়া লােটাক চাহিয়া
আনে মােক ন জানই॥৭৷৷
আতাতো জানন্ত কিয় দুঃখ দেন্ত
এই মােৰ ভৈল বিঘিনি ।
কৃষ্ণ-কথা শুনা তেয়াে মোৰ মনে
ঘৰে আছে লােটা খানি॥৮৷৷
লাও গােট এৰি যাওঁ তাকে পৰি
নথাকয় চিন্তা মনে।
আতায়াে দুঃখক দেই এহি বুলি
কান্দিলন্ত কতোক্ষণে॥৯॥