পাছে কতােদিনে বাৰাদিক এৰিলন্ত।
বৰপেটা কলবাৰী খেলক গৈলন্ত॥
ৰামদাস মাধৱদেৱৰ বহিনাই।
গণক পাৰাতে দুয়াে ৰহিলন্ত যাই ॥৩১॥
—চণ্ডালৰ মুখত হৰিনাম—
দিনেক শঙ্কৰদেৱ চড়িয়া নৌকাত।
যান্তে শুনিলন্ত সেহি সময়ে সাক্ষাত ।
চাণ্ডাল জনেক মাছ মাৰিয়া আসয়।
নাৱে চৰি কৃষ্ণ কৃষ্ণ ডাকিয়া বােলয় ॥৩২॥
নাৱ ৱাখি কাণ পাতি উনাৱন্ত তাক।
অনন্তৰে শঙ্কৰে বুলিলা হেন বাক॥
দ্বাদশ গুণীয়া বিপ্রাে আক নােহে সম। (১)
(১) দ্বাদশ গুণীয়া বিপ্র কি সঠিক বুজা না যায়। ব্ৰাহ্মণৰ ন গুণ
ৰামচৰণ ঠাকুৰেও একাদশীত ভাত-মাছ খােৱাৰ বিষয় বর্ণনা কৰিছে। কিন্তু মাধৱদেৱৰ সম্পৰ্কত নহয়। পাটবাউসীত কৰলা বাঢ়ৈ নামে এজন ভক্তই একাদশী ব্রত পালন কৰা জানি, ৰাঘবেন্দ্র নামে একজন সন্ন্যসীয়ে তেওঁক সেই ব্ৰতৰ মূল্য নাই বুলি কৈছে—গুৰুৱে একদশ স্কন্ধত লিখিছে—
গুৰুৱে লিখিছে তাতে নপাই একাদশীব্রতে
নপাউ মােক যােগ আৰু যাগে।
খাইবৈ পুষ্ট হৈ থাকি নামক লই
কষ্টব্ৰত কৰিব নালাগে ।
ৰাঘবেন্দ্ৰৰ কথাত বাঢ়ৈয়ে মাছ লৈ আহে। বাটত শঙ্কৰদেৱে লগ পাই এই কথাৰ কাৰণ শােধাত, তেও ৰাঘবেন্দ্ৰৰ উক্তি আৰ একাদশৰ কথা কৈ দিয়ে। শঙ্কৰদেৱে আশ্চৰ্য্য মানি নিজে ৰচা একাদশৰ পদ মেলি চাই