—ৰূপ সনাতনৰ ভাগিন—
ঢাকিয়া কাপোৰে তাহাৰ ভিতৰে
তাৰা সব শুতি আছে ।
কৰিয়া ভোজন কৰিলা শয়ন
শঙ্কৰ দেৱে যে পাছে ॥৩১৷
প্রভাতে চেতন পায়া দুয়ােজন
শয্যাৰ পৰা উঠিল।
কাপােৰ গুছাই দুইকো দুয়াে চাই
আনন্দ দুয়ো লভিলা॥৩২॥
মাতি তাসম্বক পুছিল কথাক
শঙ্কৰ দেৱে সাম্প্রত৷
কোন দেশী তােৰা যাইবে কৈক কোঁৱা
কহিল তাৰা পাছত ॥৩৩॥
হন্তে বৃন্দাবনে ৰূপ সনাতনে (১)
পঠাইলন্ত অমাসাক ।
শঙ্কৰে কি মতে ভগৱত ধৰ্ম্ম
প্রবৰ্ত্তান্ত গৈয়া তাক ॥৩৪৷৷
জিজ্ঞাসা কৰিয়ো পৰিচয় হুয়ো
১। (ক) দ্বিজ ৰামানন্দৰ গুৰুচৰিত (২২ অধ্যায়) মতে শঙ্কৰদেৱে ২য় বাৰ তীর্থ যাত্রা কৰি ঘৰলৈ উলটি আহোতে বাটত বালিনগৰ নামে ঠাইত এজন সন্ন্যাসীক লগ পায়। পিছত জানিব পাৰিলে যে তেওঁ ৰূপ গােস্বামীৰ শিষ্য। তেতিয়া শঙ্কৰদেৱৰ ৰূপ সনাতনৰ বিষয়ে জানিবলৈ কৌতুহল হোৱাত—
“সন্ন্যাসী বােলন্ত নাম ৰূপ সনাতন।
বৃন্দাবনে আছিলন্ত জানে সৰ্ব্বজন॥
তানে শিষ্য ৰূপ, মোৰ গুৰু সেহিজন।”
এই বুলি সন্ন্যাসীয়ে ৰূপ সনাতনৰ সকলো পৰিচয় দিয়ে।
(খ) ৰামচৰণ ঠাকুৰ শঙ্কৰচৰিত (৩য় খণ্ড) মতে শঙ্কৰদেব ১ম বাৰ