পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫ অ]
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


এহিবুলি তাসক মাধৱ ৰহিলা।
অনন্তৰে বিদায় কাৰ্য্যীয়ে তাঙ্ক দিলা॥৩৭॥
হাতে ধৰি বোলয় মাধৱ শুনিয়োক।
এখানি কাৰ্য্যক বোলো তাক কৰিয়োক॥
মালাত দিবাক মেৰু বুলিয়ো লোকক।
তেবে বঙ্গদেশী লোকে নাপাৱে ছিদ্ৰক॥৩৮॥
এইখানি তাৰা দেখে তোমাৰ দূষণ।
মাধৱে বোলন্ত নুবুলিবা ই বচন॥
ইমত শাস্তিক তুমি নপাৰা কৰিবে।
গোড় হন্তে মুণ্ড লাগি মোট কাঢ়া যেবে॥৩৯॥
তথাপি জানিবা মেৰু নিদিবো মালাত।
ন কহে মালাত মেৰু শাস্ত্ৰেয়ো সাক্ষাত॥
গুৰু ন কহিলন্ত মালাত মেৰু দিবে।
তোমাৰ ৰচনে জানা মেৰু দিবো এবে॥৪০॥
শুনি বীৰুকায্যী পাছে অসন্তোষ মনে।
মাধৱক পঠাই গৈল আপোন ভৱনে॥
ভক্ত সমন্বিতে দেৱ মাধৱ গৈলন্ত।
বাসাক আসিয়া বহু খেদ কৰিলন্ত॥৪১॥
সি ৰাজ্যক এৰি আইলো দুৰ্জ্জনৰ ডৰে।
সেহিতো দুৰ্জ্জুনে এতো উপদ্ৰৱ কৰে॥
শুনি আনো ভক্তে দুঃখ বিস্তৰ কৰিলা।
মাধৱদেৱক ৰামচৰণে বুলিলা॥৪২॥
মহেশক চৈতন্য বুলিলা হন্তে যেবে।