পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮০
[৫৯অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত।

আবে বাৰ গুৰুৱা দেখাইল ক্ষত্রিয়ানে॥
আনাে নানা এমনে বুলিলা ক্রোধপৰে।
নথাকোঁ ইঠাই আমি আসা যাওঁ ঘৰে॥৫॥
শুনি কিছু মাত বােল নাহিকে লােকৰ৷
মাধৱত বুলিলন্ত কৰিয়া কাতৰ॥
ক্ষমিয়ােক বাপ আমি কৰিলোহোঁ দোষ।
শুনিয়া মাধৱদেৱ ভৈলন্ত সন্তোষ॥৬॥
দিন তিনি চাৰি মান তৈতে আছি ৰহি।
তাসম্বাক কৃপায়ে শাস্ত্ৰৰ কথা কহি॥
শঙ্কা দূৰ কৰিলন্ত সবাৰাে মনৰ।
মিলিল সন্তোষ জানা সমস্ত লােকৰ॥৭॥
গুৰু মানি মাধৱদেৱক লোক যত।
শৈলেক শৰণ সবে কৃষ্ণ চৰণত॥
সবাকো সম্বােধি ভক্ত সহিতে চলিলা।
তৈৰ পৰা গৈয়া জাবেৰি কুঞ্ছিত ৰহিলা॥৮॥

—জাবেৰি কুঁচিত—

বেলা দণ্ড ছয় আছে মাধৱে দেখিয়া।
বােলন্ত ব্যর্থসে সবে আছিয় বসিয়া॥
কাত আছে পুথি পঢ়া সবে বােলে নাই।
কোচেক মুৰাৰী বােলে আছে মােৰ ঠাই॥৯৷৷
পুনু পুছিলন্ত তাত কিবা পুথি বুলি।
সিয়ো কহিলন্ত বােলে আছে ৰত্নাৱলী॥