পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১২
[ ৬৪ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

প্ৰহৰেক মান হুই  উঠিবে নপাই শীঘ্ৰে
 অসন্তোষ সবাবে মনত॥২১॥
দিন আঠ দশনান  ভোজন কৰিয়া তৈত
 পাছে দেৱ মাধৱে দিনেক।
কহিলন্ত তান আগে  ৰান্ধিবাক মোৰ লাগে
 ৰামচৰণক জ্ববাইলেক॥২২॥
জ্বৰীয়া শৰীৰে আৰ  ভোজন কৰিবে ঐত
 নপাৰয় থাকিবেক বসি।
মাধৱ দেৱৰ বাণী  শুনি তেঁহে ৰঙ্গমনে
 চাউল চৰু দিলন্ত হৰিষি॥২৩॥
একমাস থাকি তৈতি  কণ্ঠভূষণ সমন্বিতি
 পাছে মাধৱৰ ভৈল মন।
সুন্দৰী যাইবেক প্ৰতি  লৈয়া তান অনুমতি
 ভক্তসমে কৰিলা গমন॥২৪॥
সুন্দৰী দিয়াত আসি  আছা কতোদিন যেবে
 সাম্প্ৰতিক ইটো কথা থওঁ।
শুনা যেন মতে বৰ-  -পেটোক গৈলন্ত চলি
 ইদানীক এহি কথা কওঁ॥২৫॥
শুনা সাধু সভাসদ গুৰুৰ চৰিত পদ
 পাতকৰ সম্যকে অন্তক।
শঙ্কৰ মাধৱ বুলি পাপৰ ভাণ্ডাৰ পুৰি
 অনায়াসে তৰা সংসাৰক॥২৬॥