পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪২
[ ৬৮ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱচৰিত

 আঠিয়া কল নানিলা।
পকা কল নাই বুলি ৰামদাসে
 মাধৱ দেৱত কৈলা॥৫॥
শুনিয়া মাধৱে বোলন্ত উৎসৱে
 বাৰীত চাহিয়ো গৈয়া৷
তেহে বোলা বাপ  নতু পকে কল
 আছোহোঁ কালি চাহিয়া॥৬॥
মাধৱে শুনিয়া  বোলন্ত হাসিয়া
 পানবাৰীৰ পো যায়ো।
ঘৰৰ পাছত চাল ওপৰত
 পকি আছে কল চায়ো॥৭॥
শুনি ৰামদাস-  -বুঢ়া লাসে লাসে
 গৈয়া দেখিলন্ত পাছে।
পাছে চাল উপ- -ৰত একচৰ
 বৰ কল পকি আছে॥৮॥
ৰামদাসে পাৰি  এক আখা ধৰি
 মাধৱৰ থানে গৈলা,
আগে কল থৈয়া প্ৰণাম কৰিয়া
 একপাশে বসি ৰৈলা॥৯॥
দেখিয়া মাধৱ- -দেৱে বুলিলন্ত
 কি বোলা পকি আছয়।
কল নাহি পকা  বুলিয়া আমাক
 ভাণ্ডিলা আগে নিশ্চয়॥১০॥