পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৮ অ
২৭
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


আসামৰ ভয়ত পলাইল সবে প্ৰাণী॥ ১॥
শঙ্কৰো পলায়া গৈলা লোকৰ লগত।
কীৰ্ত্তন-ঘোষা পুথিখান ৰহিল ঘৰত॥ (২)
তাকে নিবে লাগি একেশ্বৰে আসিলন্ত।
আসামে বেৰিলে যেবে ঘৰে পশিলন্ত॥ ২॥
ছয় চাৰি মুনিষ দুৱাৰত আসি থিত।
হেন দেখি ভৈলন্ত শঙ্কৰ ভয়-ভীত॥
কিমতে পলাইবো মনে মনে আলোচিলা।
ভিতৰৰ পৰা বৰ বেগে লড় দিলা॥ ৩॥
হেম্পূচিয়া চিতে পেহ্লাইলন্ত দুয়োজন।
গছকিলা দিয়া দুইৰো বুকুত চৰণ॥
দেখে আউৰ সবে দিব্য পুৰুষ পলাই।
ৰহ ৰহ বুলিয়া পাছত খেদি যাই॥ ৪॥
নেচকুৰি মাজে মাজে পলান্ত লৱৰি।
আসামেও খেদি তাঙ্ক নেয় ভৰি ভৰি।
সুবৰ্ণৰ দলুৱা কৰ্ণত পিন্ধিছিল।
নেচকুৰি জেঙ্গ লাগি চিণ্ডিয়া পৰিল॥ ৫॥
বামহাতে কাণত আটিয়া ধৰিলন্ত।
লৌহিত্যত গৈয়া জাম্প দিয়া পৰিলন্ত॥


[১]

  1.  (২)

    কীৰ্ত্তন পুস্তকখানি   আনিবে খুজন্তে তাৰা
      অহমে দুই ভেটিলে দুৱাৰ।”


     দৈত্যৰি ঠাকুৰে আসামৰ আক্ৰমণৰ কথা লিখিছে, ৰামচৰণ ঠাকুৰেও অহমৰ আক্ৰমণ বুলি লিখিছে, কিন্তু দ্বিজ ৰামানন্দই কছাৰী, কিৰাতৰ আক্ৰমণ বুলি লিখিছে, বুৰঞ্জীৰ ফালৰ পৰা বিচাৰ কৰিলে কছাৰীৰ আক্ৰমণহে যুক্তিযুক্ত।