পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৬
[৬২অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

বিচাৰ কৰিয়া যেবে  নিষ্ঠ কৰি কহোঁ তেবে
  আমাৰ জাতিৰো থিত নাই॥১৩॥
পৰম পতিত আমি   আমাক অন্যত্ৰ ধৰ্ম্মে
  পবিত্ৰ কৰিতে ন পাৰয়।
তুমি যিটো ধৰ্ম্ম কোৱা   পতিতৰো গতি জানা
  এহি ধৰ্ম্ম মাধৱ নিশ্চয়॥১৪।
এহি বুলি ভট্টাচাৰ্য্য  মাধৱক সাদৰিয়া
  গৃহক লাগিয়া পঠাই দিলা।
মনত বিস্ময় হুই   মাধৱ মনুষ্য নুই
  এহি বুলি আনন্দে ৰহিলা॥১৫।৷
বিজয় পুৰক যান্তে   আসন্তে বুঢ়ী লোহিতৰ
  ঘাটে ৰৈয়া সুন্দৰী দিয়াৰ।
মাধৱ সহিতে যাই   হুয়া পাছে এক ঠাই
  নানা শাস্ত্ৰ কৰন্ত বিচাৰ॥১৬॥
থাকন্ত আনন্দে আতি  প্ৰভাতে জাগিয়া ৰাত্ৰি
  চলি যান্ত মহাৰঙ্গ মনে।
শুনা সভাসদ লোক   নিন্দা নকৰিবা মোক
  জানা মই মুৰ্খ সৰ্ব্বজনে॥১৭॥
কবিত্ব গুণক নাই  ন কৰিলো পদ মই
  কিন্তু বাক্য পালি মহন্তৰ।
দুয়ো মহা পুৰুষৰ   কথাৰ কৰিলো পদ
  জানি বোলা মাধৱ শঙ্কৰ॥১৮॥