পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপ্ত ষষ্টি অধ্যায়

—শিষ্যক উপদেশ দান—

আত অনন্তৰে আৰো সাধুসব যত।
শুনা কহোঁ একদিন ভৈল যেন মত॥

—হঠযোগীক নিন্দা—

আসিল আসনধৰা গোটেক মানুষ।
নানা ছন্দ বন্ধ ধৰৈ দেখায়া পৌৰুষ॥১॥
কতো কতো ভক্তে তাক চাহিবাক গৈল।
দেখি দেৱ মাধৱে মাতিবে খঙ্গ ভৈল॥
আকে দেখি মন ৰাখিবাক ন পাৰিলা।
ছৱালৰ মতে সবে উঠি লৰ দিলা॥ ২॥
যি সব বিড়ালি জন্ম দেখা আছে শুই।
আপোনাৰ মাৰ্গক চেলেকে নিজ মুই॥
অভ্যাসৰ কৰ্ম্ম ই আশ্চৰ্য্য আত কিবা।
কৰিলি অভ্যাস আতো অধিক পাৰিবা॥ ৩॥
যিটো যিটো ভক্ত সব গৈলন্ত চাহিবে।
গোঁসাইৰ ঘৰক তাৰ নলাগে আসিবে।৷
এহি বুলি ভকত সবক খঙ্গিলন্ত।
আট আট দিন মানে নাম ধৰাইলন্ত॥৪॥
আটদিন অন্তৰে লঘোন উপবাস।
দিয়াই তেবে দিলা ঠাই কৰিয়া আশ্বাস॥