পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯অ]
২২৯
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

—মাধৱ ভক্তিপস্থৰ অধিকাৰী—

মাধৱৰ লগে  পিৰীতি কৰিয়া
 কৰিয়া আতি আহ্লাদ।
যুগুতি বচন  পুছিবাহা তান্ত
 ন কৰিবা তাঙ্ক বাদ ॥১৫৷
তান মােৰ কিছু  নাইকে অন্তৰ
 জানিবা নিশ্চয় কৰি।
মাধৱ আমাৰ  পৰম বান্ধৱ
 মােৰপ্রাণ-এৰে সৰি ॥১৬৷৷
তান্ত হন্তে জীৱ  বিস্তৰ তৰিব
 ভক্তিৰ হৈব আচার্য্য।
মই চলি যাওঁ  তাহান্তে লাগিল
 ইঠাৱৰ যত কাৰ্য্য ৷৷১৭৷৷
মাধৱৰ ঠাই   কহিবি বােপাই
 আমাৰ কথা সমস্ত।
স্মৰি মােৰ গুণ  মাধৱে আপােন
 কহিবা ভক্তিৰ তত্ত্ব ॥১৮৷৷
 —প্রয়াণ—
এহি বুলি ৰামা-  -নন্দক সম্বােধি
 ৰাম কৃষ্ণ উচ্চৰিলা।
কৃষ্ণৰ চৰণ  হৃদয়ত ধৰি
 বৈকুণ্ঠক চলি গৈলা ৷৷১৯৷৷ (১)


 (১) দৈত্যাৰ ঠাকুৰে ইয়াত শক, তাৰিখ, মাহ, বাৰ, তিথি আদি একো দিয়া নাই। ১৯৪০ শক, ৭ ভাদ, শুক্লা দ্বিতীয়া, বৃহস্পতিবাৰ বেলি এপ্ৰহৰ সময়ত শঙ্কৰদেৱ স্বর্গী হয়।