পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৮
[৬০অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত।


এতিক্ষণে চাউল মাছ লোণ তেল কিনি॥১৪॥
গোধূলি সমস্ত ভক্তে কৰিবা ভোজন।
এবে ৰামচৰণে ৰান্ধোক মোৰ অন্ন॥
এহি মতে তাঙ্ক অন্ন ৰান্ধিবাক দিলা।
শুনি সমস্তৰে মনে বিস্ময় মিলিলা॥১৫॥
এত দিন কেন বোল বুলি আছিলন্ত।
নুবুজিলো আজি আমি কেন কৰিলন্ত॥
নাৰায়ণ ঠাকুৰে পুছিলন্ত অনন্তৰে।
আজি কেন করিলন্ত কহিয়ো সত্বৰে॥১৬॥

—উদাসীন আৰু গৃহীৰ প্ৰভেদ—
সবে দিন বেলা উদাসীন হুই যেবে।
ৰামচৰণৰ হাতে অন্ন খাইবো তেবে॥
কেন আছি আজি কেন ভৈলেক দেখিলো।
কহিয়ো বুজাই আমি কিছু নুবুজিলো॥১৭॥
বোলন্ত মাধৱদেবে শুনিয়োক সখি।
যি বুলিলো ৰামচৰণৰ চিত্ত লখি॥
গৃহবাস এৰোঁ বুলিলেক হন্তে যেবে।
লগতো থাকিব নেদিলোহোঁ হন্তে তেবে॥১৮॥
যাতো ইটো গৃহবাস এৰোঁ নু বুলিল।
শুদ্ধ চিত্ত জানি অন্ন ৰান্ধিবাক দিল॥
গৃহবাসে কিবা ভক্তি কৰিবে বাধয়।
গৃহে থাকি ভকতি কৰিবে শুভানয়॥১৯॥