পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬ অ]
৪০৯
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


একড়া মানো তাক ৰাজায়ে নেনিলা।
আৰো টকা শতেক ৰাজায়ে জানা দিলা॥১৯॥

—শ্ৰাদ্ধ—


দশা গৈলে মাত্ৰে ৰাজা গঙ্গাক লাগিয়া।
অস্থি দিয়া চাৰিজন দিলন্ত পঠায়া॥
শুদ্ধি শ্ৰাদ্ধ কৰি ৰামচৰণ পাছত
কামৰূপে আসি কৈল সমস্তে ভকত॥২০॥
শুনি লোক সমস্তয় বিষাদ কৰিল।
আসিয়া ঘৰত ৰামচৰণ ৰহিল॥
জানা দুয়ো মহা পুৰুযৰ কথা যত।
পদবন্ধে এহিমানে ভৈল সমাপত॥২১॥
বঢ়া টুটা কথা দেখি যত মহাজনে।
মোক শিশুমতি জানি নু দুষিবা মনে॥
লিখিলো একত্ৰে বাক্য পালি মহন্তৰ।
তৰিয়ে সংসাৰ বুলি মাধৱ শঙ্কৰ॥২২॥

সপ্ত সপ্ততিতম অধ্যায়

—শঙ্কৰ মাধৱ অৱতাৰ—


কলি পাপ সাগৰত   তল গৈল লোক যত
  তল যাইবে জানি আহি হৰি।
তাকে উদ্ধাৰিতে   যশ বিস্তাৰিলা
  দৈৱকীত অৱতৰি॥১॥