পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩১৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০অ]
২৮৭
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত।


ভৱানীপুৰৰ গোপাল আতৈয়ো বোলন্ত॥৯॥
আনো যত ভক্ত মানে সবে বোলে মাতি।
এহি মতে দুই মাসে বোলৱন্ত অতি॥
তভো উদাসীন হৈবো বোল নু বুলিল।
ভাত ৰান্ধিবাক প্ৰতি সাহ ন কৰিল॥১৩॥
মাধৱ দেৱত সবে ভকতে কহিলা।
এতেক শুনিয়া দেৱ মাধৱে বুলিলা॥
সবে বোল ভাত ৰামচৰণে ৰান্ধোক।
তোৰা জানা সিটো ভাত ৰান্ধি দিবে মোক॥১১॥

 গৃহী ৰান্ধনীত আপত্তি—
না লাগে ৰান্ধিবে তাৰ হৈবে উদাসীন।
আপুনি ৰান্ধিবে পাৰো মানে যতদিন॥
যেখন নপাৰোঁ তেবে জানো কিবা কৰোঁ।
ন লাগে ৰান্ধিব কিবা হঠাতে যে মৰোঁ॥১২॥
এহি বুলি তথা দেৱ মাধৱ ৰহিলা।
নেদিলা ৰান্ধিবে অন্ন সবহি জানিলা॥
দিনা চাৰি পাঞ্চ মান আনন্দে আছন্ত।
ভাটি বেলা সমস্ত ভক্তক মাতিলন্ত॥১৩॥

 —মত পৰিবৰ্ত্তন—
দুই টকা আপোনাৰ আনিয়া দিলন্ত।
জানা ৰামচৰণে সে দেই বুলিলান্ত॥
সমস্ত ভক্তক দিল চাউল ভোজনি;