পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩ অ]
১১
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


ভায়েক। বনগঞাৰ আচল নাম হলধৰ। বনৰ মাজত ওপজা বাবেহে বনগঞা বোলে। শঙ্কৰৰ সাতবছৰ আৰু বনগঞাৰ দুবছৰ হওঁতেই কুসুমৰ মৃত্যু হয়। মৃত্যুত, ভাৰ্য্যা সত্যসন্ধ্যা সতী যায়। শঙ্কৰদেৱ সৰু হৈ থকাৰ কাৰণে, পিতাৰ শ্ৰাদ্ধাদি, ৰামৰায়ৰ পিতৃ শতানন্দ দলৈৰ হতুৱাই কৰোৱা হয়।

৺লক্ষ্মীনাথ বেজবৰুৱাদেৱে বনগঞাৰ মাকৰ নাম অনুধৃতি বুলি লিখিছে। (শঙ্কৰদেৱ ১৩ পৃঃ) “আমি কিন্তু আমাৰ পিতৃদেৱতা ডাঙ্গৰীয়া ৺দীননাথ বেজবৰুৱাৰ মুখে শুনিছিলো যে শঙ্কৰৰ জন্মৰ তিনদিনৰ ভিতৰতে মাক ধুকায় আৰু বুঢ়ীমাক খেৰসুতীয়ে ডাঙৰ দীঘল কৰে॥”

 বহুকালৰ পিচতে সত্যসন্ধ্যাৰ গৰ্ভত সন্তান নোহোৱা (শঙ্কৰদেৱ ১৬ পৃ: বেজবৰুৱা) দেখি কুসুম্বৰে শ্ৰীপতিভূঞাৰ কন্যা অনুধৃতিক বিয়া কৰায়। অনুধৃতিৰ গৰ্ভত বনগঞা গিৰিৰ জন্ম হয়। (শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধবদেৱ ১৫ পৃঃ-বেজবৰুৱা)



চতুৰ্থ অধ্যায়

শ্ৰীশ্ৰীশঙ্কৰদেৱৰ বাল্যলীলা

—ক্ৰীড়া-কৌতুক—


কুসুমৰ মাতৃ শঙ্কৰৰ বুঢ়ী আই।
তেহে তুলিলন্ত বৰ ভৈলা দুই ভাই॥
ফুৰন্ত উমলি শিশুগণ লৈয়া সঙ্গে।
নানা ক্ৰীড়া কৰি কতো ফুৰা মন ৰঙ্গে॥১॥
ফল ফুল কোটোৰ৷ খেলান্ত কতো বেলা।
ঘিলা খেৰি খেলা কতো কতো ভণ্টা খেলা॥