পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০৬
[ ৭৫অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


—দেহা অৱশ—


ডাহিন হাতৰ ভিতি ঢলিবাৰ দেখি।
সাৱটি ধৰিলা ৰামচৰণে নাপেখি॥
বোলন্ত মাধদেৱে এৰ এৰ তই।
কিয় ধৰ আপুনি সষ্টম হওঁ মই॥৪॥
শুনি ৰামচৰণে গাৱৰ এৰিলন্ত।
বাম হাত ভিতি পুনৰপি ঢলিলন্ত॥
পুনু সাৱটিয়া ৰামচৰণে ধৰিল।
ডাকি ৰাম ৰাম মাধৱে বুলিবে লাগিল॥৫॥

—ক্ষুদ্ৰ শৌচ বন্ধ—


কি ভৈল কি ভৈল বুলি পাছে ভক্তগণে।
শুনি কহিলত কথা ৰামচৰণে॥
কালি দুপৰৰ পৰা আজি পৰ দুই।
দিনে ৰাতি আটপৰ ক্ষুদ্ৰ শৌচ নাই॥৬॥
একে ৰাত্ৰি গোটে চাৰি পাঞ্চ বাৰ মান।
ক্ষুদ্ৰ শৌচে যাইবাক লাগয় নিতে তান॥
তাতে গাৱখানি কিছু অশান্তি কৰয়।
বসিলা কঠত আন আন নাহিকয়॥৭॥

—শেষ প্ৰয়াণ—


বোলন্ত মাধৱে ৰাম ৰাম উচ্চ কৰি।
বোলা ৰামচৰণে সাৱটি তাঙ্ক ধৰি॥
বাসা এৰি সমস্ত ভকত আসি ভৈল।
আকুলিত মনে ৰাম বুলিবাক লৈল॥৮॥