পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১অ]
২৯১
শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত

তিনি খান নাৱ ভৰা   দিয়া লােক সমন্বিতে
   আসিলা দেখিবে মাধৱক ॥১॥
দিনা পাঞ্চ মান তাঙ্ক   ন মাতন্ত বৰ তাঙ্ক
   ন চান্ত মাধৱ খঙ্গে জানি।
তাৰ হাত এৰাইবাক   ন পাৰি কৰিলা আগ
   নাৰাণ ঠাকূৰে পাছে আনি॥২॥

—শিষ্য এজন মাথোন—

খঙ্গিয়া মাধৱে বোলা   অন্যায় কৰস তই
   নাম কহ শিষ্য মাধৱৰ।
কৈসানিৰ শিষ্য তই    কেনে তােৰ গুৰু মই
   যত গুটি দেখস লগৰ ॥৩৷৷
নুহি কেহোঁ শিষ্য মােৰ    সমস্তে জানিবা সঙ্গী
   আছে শিষ্য এগুটি আমাৰ।
নাম তাৰ ৰামচৰণ    সম্বন্ধে ভাগিন জানা
   সেহি মাত্র শিষ্য মােৰ সাৰ ॥৪॥

—অন্যায়কাৰী শিষ্য—

অনাচাৰ কৰ তই    অপযশ পাওঁ মই
   তােৰ মােৰ দেখাদেখি নাই।
লােকে বলে সিটো জন    আৰ যিটো গুৰুজন
   মাধৱো জানিবা সেহি প্রায় ॥৫॥
এতেকতে তই আৰ    গুৰু নু বুলিবি মােক
   শুনি সিটো বােলয় বচন।