পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৭]

 শঙ্কৰদেৱৰ পূৰ্ব্বপুৰুষ—দৈত্যাৰিঠাকুৰে এই সম্পৰ্কে একো উল্লেখ কৰা নাই; ৰামচৰণ ঠাকুৰে এই সম্পৰ্কে বহলকৈ আলোচনা কৰিছে, দ্বিজ ৰামানন্দই বুৰঞ্জীমূলক আলোচনা কৰিছে। দ্বিজ ৰামানন্দৰ আলোচনাৰ পৰা বুজা যায় আনুমাণিক ১০৯৭ খৃষ্টাব্দত শঙ্কৰদেৱৰ পূৰ্ব্বপুৰুষ গুজৰাট অঞ্চলৰ পৰা কণৌজলৈ আহে, ১৩২৬ খৃষ্টাব্দত কণৌজ এৰি ১৩৩০ খৃষ্টাব্দত বঙ্গদেশ পায়হি, আৰু ১৩৫৫ খৃষ্টাব্দত (১২৭২ শক) কামৰূপলৈ আহে।

 শঙ্কৰদেৱৰ জন্ম তাৰিখ—দৈত্যাৰি ঠাকুৰে জন্ম মাহ, তাৰিখ উল্লেখ কৰা নাই, ৰামচৰণ ঠাকুৰে পাঁচ আহিন, শুক্লাদশমী, শুকুৰ বাৰ, ৰাতি চাৰিদণ্ড বুলি লিখছে। দ্বিজ ৰামানন্দই ফাগুণ মাহ, শুক্লা দ্বিতীয়া, অৰ্দ্ধৰাত্ৰি বুলি লিখিছে।

 দৈত্যাৰি ঠাকুৰে প্ৰয়াণৰ তাৰিখ ১৪৯০ শক, ভাদ, শুক্লা দ্বিতীয়া গধূলি লিখিছে; দ্বিজ ৰামানন্দই লিখিছে সাত ভাদ, শুক্লা দ্বিতীয়া, বৃহস্পতিবাৰ, বেলা এক প্ৰহৰ৷

 ৰামচৰণ ঠাকুৰে লিখিছে শঙ্কৰদেবৰ বয়স হৈছিল, ১১৮ বছৰ ছ’মাহ। এই হিচাব মতে জন্ম তাৰিখ হয়—১৩৭১ শক ৫৷ ৬ ফাল্গুন। জ্যোতিষৰ গণনামতে ১৩৭১ শকৰ পাঁচ আহিন কোনো হিচাবেই শুক্লাদশমী আছিল বুলি প্ৰমাণ পোৱা না যায়।

 মাধৱদেৱৰ জন্ম আৰু প্ৰয়াণৰ তাৰিখ :—দৈত্যাৰি ঠাকুৰে মাধৱদেৱৰ জন্মৰ মাহ, তিথি, তাৰিখ উল্লেখ কৰা নাই। দ্বিজ ৰামানন্দই লিখিছে—বহাগ মাহ, শুক্লা নৱমী, দিবা দ্বি প্ৰহৰত মাধৱদেৱৰ জন্ম হয়।

 দৈত্যাৰি ঠাকুৰৰ মতে শঙ্কৰদেৱৰ ২৮ বছৰ পিচত অৰ্থাৎ ১৫১৮ শক, ভাদ, কৃষ্ণা পঞ্চমীত মাধৱদেৱ স্বৰ্গী হয়। দ্বিজ ৰামানন্দই লিখিছে সেই দিনা ৰবিবাৰ আছিল।

 দৈত্যাৰি ঠাকুৰে লিখিছে মাধৱদেৱ বেহাৰলৈ যাওতে কুমাৰ গাছিত, ৰজাই দুৱাৰ মানা কৰি আছিল বুলি ৰাজ্যৰ সীমানা পাৰ হবলৈ অসুবিধা ভোগ কৰিছিল (৭০|১৮); দ্বিজ ৰামানন্দই এই কাৰণ সম্পৰ্কে লিখিছে— “ৰঘু নৃপতিৰ পুত্ৰ পলায়া আছয়। ৰজাৰ নিষেধ বৰ চকিত হৈছয়।” বুৰঞ্জীমতে ই ১৫১০|১১ শকৰ ঘটনা। দ্বিজ ৰামানন্দই আৰো লিখিছে