পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯অ]
২৮৩
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত।


—সুন্দৰীদিয়ালৈ—

ঐত আৰ স্নান নকৰওঁ বুলিলন্ত।
এহি বুলি সুন্দৰী দিয়াক আসিলন্ত॥
সুন্দৰীক আসি সবে ভক্তত পুছিলা।
নপাওঁ আমি আতা ভক্ত সমস্তে কহিলা ॥২১॥

—সােণৰ কড়িয়া—

পাছে বােলা ৰামচৰণক মাতি আন।
নাহিকন্ত তেহেঁ গৈছা বৰপেটা থান॥
মাধৱে বােলন্ত ৰামচৰণ আসিলে।
একথিত হুই তেবে তাহাত পুছিলে॥২২॥
ৰামচৰণে যদি নপাওঁ বােলয়।
তেবে প্রায়শ্চিত্ত মােৰ হৈবাক লাগয়॥
এহি বুলি মাধৱ অস্নানে ৰহিলন্ত ।
ভাটি বেলা ভৈলে ৰামচৰণ আসিলন্ত ॥২৩॥
বার্ত্তা পাই মাধৱে মাতিয়া আনিলন্ত।
পাই আছ কড়িয়াখানি বুলি পুছিলন্ত॥
তেহাে সেহি আখাৰে বোলন্ত আছে পাই।
বুলিল মাধৱদেৱে তান মুখ চাই ॥২৪৷৷
সাধু সাধু সাধু আমাৰ ভাগিন নাম ভৈলা
মিছা ন মাতিলা তিনি তত্ত্ব ৰক্ষা গৈলা॥
পৰিহাসাে নপাওঁ বুলিলি হন্তে যেবে।
প্রায়শ্চিত্ত তােত লাগিলেক হন্তে তেবে ॥২৫॥