সমললৈ যাওক

পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একবিংশ অধ্যায়

—জগন্নাথ মূৰ্তি নিৰ্ম্মাণ—

এহিমতে হৰিভক্তি প্ৰকাশি শঙ্কৰ॥
আছন্ত আনন্দে আতি সমস্তে লোকৰ॥
একদিনা মাতি ৰাম-ৰায়ক আনিলা।
জগন্নাথ মূৰ্ত্তি সাজিবাক আলোচিলা॥১॥

—খনিকৰ কোৰলা বাঢ়ৈ—

কোৰলা বাঢ়ৈক মাতি বুলিলা শঙ্কৰ॥
সাজ জগন্নাথৰ প্ৰতিমা ৰুচিকৰ॥
শঙ্কৰ দেৱৰ বাক্যে কোৰলা বাঢ়ই।
প্ৰতিমা সাজিবে লৈলা তেতিক্ষণে গই॥২॥
আগে থাকি আপুনি শঙ্কৰে দেন্ত দৃষ্টি।
দেখন্তে প্ৰতিমা মনে মিলৈ মহা তুষ্টি॥
কৰিলা যুগুতি তাঙ্ক প্ৰতিষ্ঠা কৰিবে।
কৰয় আনন্দ তাক শুনি লোক সবে॥৩॥

—ব্ৰাহ্মণৰ নিন্দা—

ব্ৰাহ্মণ সকলে তাক বিপক্ষে আচৰি।
বোলে কেন জগন্নাথ মূৰ্ত্তি আছা কৰি॥
কাটিলেক কাঠখান বাঢ়ৈ দিয়া ভৰি।
কৰিবে প্ৰণাম তাক লোকে পৰি পৰি॥৪॥