পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭২
[৩৯ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত

দিন দশ মান বহি আছিলা তহিতি।
শঙ্কৰ মাধৱ সমে পৰম পীৰিতি॥
ৰত্নাৱলী গ্ৰন্থ বাৰাণসী হন্তে আনি।
শঙ্কৰদেৱক দিয়া বুলিলন্ত ৰাণী॥৬॥
বিষ্ণুপুৰী নামে এক সন্ন্যাসী আছিল। (২)


 (২) বিষ্ণুপুৰী :-ৰামচৰণ-ঠাকুৰে ( শঙ্কৰচৰিত ৩২৯২—৩৩০৬ পদ) লিখিছে—বিষ্ণুপুৰীয়ে প্ৰথম জীবনত স্ত্ৰীক এৰি নৱগুণ পুৰি পেলাই সন্ন্যাসী হৈ যায়, কিন্তু পিচত সংযম ৰক্ষা কৰা টান পাই আকৌ ঘৰলৈ গৈ স্ত্ৰীৰ লগত সহবাস কৰিবলৈ বিচৰাত ঘৈনীয়ে তেওঁক ভৰ্ৎসনা কৰে। মনৰ দুঃখত সন্ন্যাসীয়ে জুইত পৰি প্ৰাণ ত্যাগ কৰিবলৈ যাওঁতে শ্ৰীকৃষ্ণই তেওঁৰ আগত প্ৰকটিত হৈ আত্মহত্যা কৰিবলৈ হাক দিয়ে আৰু ভাগৱত শাস্ত্ৰ অভ্যাস কৰি কাম-ক্ৰোধ-লোভ-মোহৰ হাত সাৰিবলৈ উপদেশ দিয়ে। তেতিয়াৰ পৰা বিষ্ণুপুৰীয়ে ভাগৱত চৰ্চ্চা কৰিবলৈ ধৰে।

 শ্ৰীশ্ৰীভক্তমাল গ্ৰন্থমতে ( ১৮৪ পিঠি) বিষ্ণুপুৰী কাশীত বাস কৰিছিল আৰু ভাগৱত সমুদ্ৰ মন্থনকৰি ভক্তিৰত্ন সমূহ একে ঠাই কৰি ভক্তিৰত্নমালা ৰচনা কৰে। জগন্নাথ ক্ষেত্ৰলৈ কেতিয়াও না যায় দেখি জগন্নাথে ভক্তৰ যোগে দি তেওঁক মাতি পঠালে আৰু নিজৰ ডিঙ্গিৰ পৰা ফুলৰ হাৰ দি পঠালে। বিষ্ণুপুৰীয়ে উত্তৰ কৰিলে—গয়া-কাশী-মথুৰা আদি তীৰ্থ ঠাইলৈ গৈ কি হব, মই নাম ৰত্নমালা সদাই পিন্ধি আছো। জগন্নাথক দেখিলে নো কি। হব তেওঁৰ ভৰি দুখন পৰ্য্যন্ত ব্ৰজবাসীৰ ওচৰত বন্ধা আছে। যি হক্ যেতিয়া মাতিছে, তেওঁৰ অক্ষয় ৰূপ ৰাশি এবাৰ চাবলৈ যাম। জগন্নাথ ক্ষেত্ৰলৈ গৈ তেওঁ নিজ ৰচিত ৰত্নাৱলী গ্ৰন্থ জগন্নাথ চৰণত দি সেৱা কৰে।

 মধ্বাচাৰ্য্য (১১৬০—১২১৬ শক) দ্বৈতবাদ প্ৰৱৰ্ত্তক। মধ্বাচাৰ্য্যি সম্প্ৰদায়ৰ গুৰুপৰম্পৰা মতে মধ্বাচাৰ্য্য-পদ্মনাভ—নৰহৰি-দ্বিজমাধব-- অক্ষোভ্য-জয়তীৰ্থ-জ্ঞানসিন্ধু—মহানিধি-বিদ্যানিধি-ৰাজেন্দ্ৰ-পয়ধৰ্ম্ম --বিষ্ণুপুৰী।