সমললৈ যাওক

পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৩ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


মনত হৰিষে দান দক্ষিণা কৰিল।
ব্ৰাহ্মণ দৈবজ্ঞ জ্ঞাতি মাতিয়া আনিল॥
শাস্ত্ৰ চাই দৈবজ্ঞে গণিত কৰিলন্ত।
শঙ্কৰৰ কথা কুসুমত কহিলন্ত॥১০॥
নাহি কোনো ৰিষ্ট শিশু মহা সুলক্ষণ (১)
জ্ঞানৱন্ত ধৈৰ্য্যৱন্ত হৈব শান্ত মন॥
পৰম পণ্ডিত হৈব পৰম মহন্ত।
আন যত গুণ শঙ্কৰৰ কহিলন্ত॥১১॥
শঙ্কৰৰ বৰত পুত্ৰক লভিলন্ত।
এতেকে শঙ্কৰবৰ নামক থৈলন্ত॥
গুপ্ত নাম তাহানি থৈলন্ত গঙ্গাধৰ। (২)
পুত্ৰ দেখি মনত আনন্দ কুসুমৰ॥১২॥
যেন চন্দ্ৰকলা বাঢ়ি যান্ত নিতে নিত।
দেখি সমস্তৰে আতি আনন্দিত চিত্ত।
অনন্তৰে আৰো এক পুত্ৰ ভৈল জাত।
বনগঞাঁ গিৰি নাম জগতে প্ৰখাত॥১৩॥
তাত পাছে যেন ভৈল তাঙ্ক শুনিয়োক।
কতোদিনে কুসুম গৈলন্ত পৰলোক॥
দেখিলা ভাৰ্য্যায়ে তান মৰি গৈলা স্বামী। (৩)
মনত হৰিষে তেহো ভৈলা অনুগামী॥১৪॥


[]

  1.  (১) ৰিষ্ট :-শিশুৰিষ্ট পতাকী ৰিষ্ট আদি—ৰামচৰণ ঠাকূৰৰ চৰিত পুথিমতে মাতৃৰিষ্ট আছিল।
     (২) গঙ্গাধৰ :—শঙ্কৰ দেৱৰ জন্ম নক্ষত্ৰ অনুসৰি, তেওঁৰ নাম, গঙ্গাধৰ।