পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মুখবন্ধ


 প্ৰায় দুকুৰি মান বছৰ আগতে তেজপুৰৰ ভক্তপ্ৰাণ ৺হৰিবিলাস গুপ্তই ৺দৈত্যাৰি ঠাকুৰ ৰচিত মহাপুৰুষ শঙ্কৰদেৱ-মাধৱদেৱৰ চৰিত্ৰ পুথি ছপাই প্ৰকাশ কৰিছিল। বৰ্তমানে সেই পুথি কিনিবলৈ পোৱা না যায়, কোনো ঠাইত কাৰোবাৰ হাতত যি দু এখন আছে সিও প্ৰায়েই অসম্পূৰ্ণ।— অথচ বৰ্ত্তমানে মহাপুৰুষ দুজনাৰ ধৰ্ম্ম, ধৰ্মগ্ৰন্থ আৰু সাহিত্য আলোচনাৰ লগে লগে তেৰা সকলৰ পৱিত্ৰ জীৱন চৰিত আলোচনা কৰাৰ প্ৰয়োজন সকলোৱেই বোধ কৰিছে।

 এই অভাৱ দূৰ কৰাৰ ইচ্ছা মনত লৈ আমি মহাপুৰুষ দুজনাৰ চৰিত্ৰ পুথি কেইখনমান সম্পাদন কৰিবলৈ আগ বাঢ়িছোঁ।

 ৺হৰিবিলাস গুপ্তই প্ৰকাশ কৰা কিতাপৰ মূল পাঠ আমাৰ প্ৰধান সম্বল। পুনীয়াৰ সত্ৰৰ ডেকা অধিকাৰ শ্ৰীযুত দত্তদেৱ গোস্বামী প্ৰভুৰ অনুগ্ৰহত যোৰহাট কাকজান ঢেকিয়াখোৱা গাৱঁৰ বৰ নাম ঘৰৰ থাপনাৰ পৰা অনা সাঁচিপতীয়া চৰিত্ৰপুথি খন আমাৰ দ্বিতীয় সম্বল। এই পুথিৰ পাঠৰ লগত গুপ্ত ডাঙৰীয়াৰ কিতাপৰ পাঠ পুঙ্খানুপুঙ্খ ভাৱেৰে মিলাই পাৰ্য্যমানে পাঠ শুদ্ধ কৰা হৈছে। তেজপুৰৰ শউলমাৰি গাৱঁৰ নামঘৰৰ থাপনাৰ পুথি আৰু যোৰহাটৰ আমাৰ এজন উকীল বন্ধুৱে কোনো মকৰ্দ্দমাৰ কাৰণে মাজুলীৰ কোনো এখন অতি প্ৰাচীন সত্ৰৰ পৰা অনা পুথিখনো কোনো কোনো বিষয়ত সন্দেহ স্থলত তুলনা মূলক ভাৱেৰে চোৱা হৈছে।

 মূল সাঁচিপতীয়া পুথিত অধ্যায় বিভাগ নাই। স্বৰ্গীয় গুপ্ত ডাঙৰীয়াই ছপা কৰা পুথিত পাঠকৰ সুবিধাৰ কাৰণে অধ্যায় ভাগ কৰা হৈছিল।⸺ আমিয়ো সেই আৰ্হি লৈ আমাৰ কিতাপত অধ্যায় বিভাগ কৰিছেোঁ, কিন্তু আমি বিষয় অনুসৰি ৺গুপ্ত ডাঙৰীয়াতকৈ বেলেগ ভাৱেৰে অধ্যায় বিভাগ কৰিছোঁ। পাঠৰ সুবিধাৰ কাৰণে প্ৰতি অধ্যায়ৰ ঘটনা বা বিষয় বস্তু অনুসৰি অনুচ্ছেদৰ নামকৰণো কৰিছোঁ৷