পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০অ]
২৩৫
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

—হৰিচৰণ ঠাকুৰৰ বায়ুৰোগ—

কতাে বােধ পান্ত কতো বােধ নপাৱন্ত ।
কতাে বাতুলৰ চিহ্ন বচন বােলন্ত৷৷
কাকো ধৰি মাৰন্ত বাটত যাক পান্ত।
ৰাখিবে নপাৰি কতাে যৈকে মন যান্ত ॥১৯।৷
আসিয়া মাধৱদেৱে জুৰ বস্তু দেন্ত।
তেল পানী দিয়া আৰ ফুৰিবে নেদেন্ত।৷
অতিশয় চণ্ড ভৈলে বান্ধিয়া ৰাখন্ত।
কাক বান্ধি আছো বুলি কতোহোঁ কান্দন্ত ॥২॥
হৰি হৰি বােলো দেৱ শঙ্কৰ গৈলন্ত।
তান প্রতিনিধি হৰিচৰণ আছন্ত।৷
এহি মনে দুঃখে নানা ঔষক দিয়া।
চাহিলা মাধৱদেৱে যতন কৰিয়া ॥২১৷৷
ৰাত্রি দিনে একতিলো সঙ্গ নছাৰন্ত।
বৎসৰেক অনন্তৰে সকাশ পাইলন্ত।৷
পূৰ্ব্বৱত ভৈলা যেবে হৰি যে চৰণ।
তেবেসে মাধৱদেৱ ভৈলা সুস্থ মন ॥২২।৷

—ৰামদাসৰ জোঁৱাই হৰিচৰণ—

বেটী ৰামদাসৰ ভাগিন মাধৱৰ।
হৰিচৰণক বিহা কৰাইছা শঙ্কৰ।৷ (১)


 (১) হৰিচৰণ ঠাকুৰে দ্বিতীয় বাৰ—বগুলাগ্ৰামৰ গােপাল জমিদাৰৰ কন্যা বিষ্ণুমতীক বিয়া কৰায়। একপুত্র দুই কন্যা জন্মে। ( আই কনকলতা চৰিত্ৰ —১১ পিঠি )