পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাতনি

 গ্রন্থ,কৰ্ত্তা—নাৰায়ণপুৰৰ হোকৰাকুঞ্ছি গাৱঁৰ গয়পানী ভূঞাই শঙ্কৰদেৱ মহাপুৰুষ ধূৱাহাটাত থাকোতে তেঁৰাৰ ওচৰত শৰণ লয়, আৰু পিচত ৰামদাস নামেৰে জনাজাত হয়। তেওঁ মাধৱদেৰ পুৰুষৰ ভনীয়েক উৰ্ব্বশীক বিয়া কৰাইছিল। ৰামদাস-উৰ্ব্বশীৰ পুত্ৰ ৰামচৰণ ঠাকুৰ মাধৱদেৱৰ প্রিয় আৰু প্রধান শিষ্য। মাধৱদেৱ পুৰুষ বেহাৰলৈ যাওতে ৰামচৰণ ঠাকুৰক সুন্দৰীদিয়া সত্ৰৰ অধিকাৰ পাতে। ৰামচৰণ ঠাকুৰৰ পুত্ৰ দৈত্যাৰি ঠাকুৰ ৰামচৰণৰ পিচত সুন্দৰী দিয়া সত্ৰৰ অধিকাৰ হয়। তেওঁৱেই এই চৰিত পৃথিৰ ৰচয়িতা।

 দৈত্যাৰি ঠাকুৰে ৰচনা কৰা কেইটামান বৰগীতো পােৱা যায়। 'নৃসিংহ যাত্রা’ নামৰ এখন অঙ্কীয়ানাট দৈত্যাৰি ঠাকুৰে ৰচনা কৰা বুলি প্রবাদ আছে। দ্বিজ ৰামানন্দৰ চৰিত পুথি মতে মাধৱদেৱে মালঞ্চ গাৱঁৰ লক্ষ্মণ চাড়ন্দাৰৰ ঘৰত নৃসিংহ যাত্ৰা ভাৱনা কৰিছিল আৰু নিজে ছো পিন্ধি নৃসিংহৰ ভাও লৈছিল। এই নাটখন আমি দেখা নাই।

 গ্রন্থ ৰচনাৰ তাৰিখ⸺দৈত্যাৰি ঠাকুৰে নিজৰ গ্ৰন্থত ৰচনাকাল সম্পর্কে কোনো উল্লেখ কৰা নাই; কিন্তু গ্রন্থৰ শেষত চতুৰ্ভুজ ঠাকুৰ বিষ্ণুপুৰ সত্ৰত বর্ত্তমান আছে বুলি লিখা আছে। শ্ৰীযুত ৰমাকান্ত মুক্তিয়াৰ কর্ত্তৃক সম্পাদিত “ আই কনকলতা চৰিত্র ” মতে ১৫৪১ শকৰ পুহ মাহ কৃষ্ণা চতুর্দ্দশীত পুৰুষােত্তম ঠাকুৰ স্বৰ্গী হােৱাত চতুৰ্ভূজ ঠাকুৰ ধৰ্ম্মৰ অধিকাৰী হয়, আৰু ১৫৪২ শকৰ পুহ মাহ, শুক্লাচতুর্থী, দিনৰ তৃতীয় পহৰত স্বৰ্গী হয়। গতিকে দৈতাৰি ঠাকুৰে ১৫৪২ শকৰ পুহ মাহৰ আগতেই চৰিত পুথি ৰচনা শেষ কৰিছে।

 গ্ৰন্থৰ উপাদান⸺দৈত্যাৰি ঠাকুৰে স্পষ্টকৈ লিখিছে যে, তেখেতে চৰিত পুথি লিখোতে কোনো আৰ্হি পােৱা নাই। প্রাচীন ভকত আৰু বিশেষকৈ বুঢ়ীৰ-পাে গোবিন্দ আতৈৰ পৰা মহাপুৰুষ দুজনাৰ চৰিত্ৰ সম্পৰ্কীয়