পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০ অ]
৩৬১
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


—মনপুৰক বিদায়—


দিলা ৰামচৰণক মাধৱে বিদায়।
মনপুৰো বিদায় কৰিলা পাছে যাই॥
মই ৰহিবাক চাওঁ বাপ এহি বুলি।
মাধৱক প্ৰণমি পাৱৰ লৈলা ধূলি॥৮॥
শুনি দেৱ মাধৱ মনত গুণিলন্ত।
যথাযোগ্য তাঙ্ক টকা কাপোৰ দিলন্ত।
বুলিয়া মধুৰ বাণী দিলন্ত বিদায়।
মনপুৰো বোলা দেৱ-মাধৱক চাই।

—গাৰ পৰী কাসৰ দান—


আতা মোক দিয়োক শিশিৰ পৰীখান।
শুনিয়া মাধৱে বোলে শীঘ্ৰে তাক আন॥
পৰী খান দুই দিয়ো তভো ইটো খানি।
দিবে নপাৰিবো শুনি সিটো বোলে বাণী॥১০॥
এইখন লাগে আন ন লাগয় মোক।
মাধৱে বোলন্ত দুই পৰী দিয়ো তোক॥
আৰে দশটকা দিওঁ তথাপি ইখন।
নুখুজিবি মনপুৰে বোলয় বচন॥১১॥
একশত টকা দিয়া খান দশ পৰী॥
আক ন লাগয় মোক ইটো খান এৰি॥
মাধৱে বোলন্ত মই পৰদেশ যাওঁ।
জাৰে শীতে পৰীখান উৰিবাক পাওঁ॥১২॥