পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯ অ ]
৩০৯
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


শুনিয়া লস্কৰ মাধৱত কহিলেক।
অসিছে ৰাজাৰ ছাৱলিয়া দেখিবাক।
মাধৱে বোলন্ত ফুল চন্দন কৰিয়ো।
কল চিৰা গুৱা পান সকালে সাজিয়ো॥৭॥
একজোৰা ভূনি ফোটা দিবোহোঁ পাৰৈ।
গোসাঞিঁৰ ঘৰক মাতি আনিয়ো সত্বৰ॥
ৰূপাবৰ লস্কৰে মাতিয়া আনিলেক।
সুৰানন্দ আসি গোসাঁই ঘৰে বসিলেক॥৮॥
অনন্তৰে তৈকে লাগি মাধৱ আসিলা।
মাধৱদেৱক দেখি তেখনে উঠিলা॥
গলে বস্ত্ৰ দিয়া দূৰে থাকি প্ৰণমিলা।
তাকে আশীৰ্ব্বাদ দেৱ মাধৱে কৰিলা॥৯॥
মাধৱে বসিলে সিটো পুনুহোঁ বসিল।
ছদ্ম ৰূপে কথা কৈল পূৰ্ব্বে যে কহিল॥
নাম লৈয়োক ভকত সকলে সিটো বোলে।
দেখি থাকি আমৰা পৰম কৌতুহলে॥১০॥
শুনি ভক্ত সবে নাম গাইবাক লাগিল।
বাসা এৰি এৰি ভক্ত সমস্তে আসিল॥
সবে ভক্ত আসি যেবে নাম গাইবে লৈল।
শুনা সুৰানন্দে পাছে যেন কৰ্ম্ম কৈল॥১১॥

—ভকতৰ ঘৰ লুট—

আগে বুলি পাছে সিটো সমস্ত লোকক।
নাম লৈতে লুৰি নিবে ভক্তৰ ঘৰক॥