পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪ অ]
৩৮৭
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


  প্ৰভাততে চলি গৈলা।
ভাঙ্গামূৰ গই   পুথিখান লই
  চাৰি দিনে আসি পাইলা॥১৮॥
দণ্ড ছয় মানে   আছে সেহি বেলা
  ভকত সমে মাধৱ।
আছন্ত হৰিষি   কৃষ্ণ-কথা কহি
  মনত মহা উৎসৱ॥১৯॥
দেখি পুথিখন   আনন্দিত মন
  তাৱক্ষণে উঠিলন্ত।
শিৰৰ উপৰ   পুথিখন ধৰি
  আনন্দতে নাচিলন্ত॥২০॥
বোলা উচ্চ কৰি   কেন উপকাৰী
  আমাৰ ৰামচৰণ।
দেখা দেখা লোক   কহোঁ শুনিয়োক
  পূৰ্ব্বে এহি পুথিখন॥২১॥
পায়া সংসাৰক   আমি পাসৰিলো
  ইটো থানে থানে গৈল।
আক একথান   কৰিবাক প্ৰতি
  পূৰ্ব্বে মোৰ মন ভৈল॥২২॥

—সঙ্কলন অনুমোদন—


এতেকে ইৰাজ্যে   আইলো একখান
  কৰিবেক ন পাৰিল।
ৰামচৰণে আক   একঠাই কৰি