সমললৈ যাওক

পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮ অ]
১৬৫
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধবদেৱ চৰিত


সাক্ষাতে অমৃত যেন বৰিষে সদায়।
শুনি ভক্ত সব আনন্দে পাৰ নায়॥
আৰো এক কথা কহাে তাক শুনিয়ােক।
যেখন আসাম ৰাজ্য হন্তে আসিলেক ॥২॥

—পুত্রশােক—

ব্যাসকলাই বিপ্র লগতে আসয় ।
নপৰা পৰিল এক তাহান তনয়॥
নানান ঔষধ দিল তথাপি মৰিল।
আৰো এক পুত্র পথে নপৰা পৰিল॥৩॥
তাকে নানা বহুবিধ ঔষধ দিলেক।
নপাইল সকাশ সিটো পুত্ৰ মৰিলেক॥
এহিমতে তিনি পুত্র তাহান মৰিল।
তিনিয়াে পুত্ৰৰ লাগি সন্তাপ কৰিল ॥৪৷৷
পাছে আসি পাইলা যেবে কামৰূপ থান।
নপৰা পৰিল আৰো একপুত্র তান॥
সবে ইষ্ট কুটুম্বে আলচ কৰিলেক।
চাপৰাত গৈয়া বৰ দেৱ পূজিবেক ॥৫॥

—শিৱপূজা—

এহি কথা বিয়াস কলাইত কহিলেক।
দিলে অনুমতি মহেশক পূজিবেক॥ (১)


 (১) ৰামৰেণ ঠাকুৰৰ শঙ্কৰ চৰিতত ব্যাসকলায়ে দূর্গাপূজা কৰা কথা আছে।