পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭ অ]
৪১১
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


  কহোঁ শুনা সাধু যত॥৭॥
জানা সাৰতৰ   মাধৱ শঙ্কৰ
  ৰূপে অৱতাৰ দুই।
দেৱকী নন্দনে   ভৈলন্ত আপুনে
  দুয়ো এক ভিন্ন নুই॥৮॥
দুই হান্তৰ পাৱে   নমো সৰ্ব্বভাৱে
  দুয়ো মোৰ ইষ্টদেৱ।
মাধৱৰ শিক্ষা   ধৰি ভজোঁ হৰি
  তাসম্বাক কৰোঁ সেৱ॥৯॥


অষ্ট সপ্ততিতম অধ্যায়

—শঙ্কৰদেৱৰ বংশধৰ—


শুন সাধু নৰ   শঙ্কৰ দেৱৰ
  ভৈলা পুত্ৰ তিনি জন।
জ্যেষ্ঠ ৰামানন্দ,   কমল লোচন।
  কনিষ্ঠ হৰিচৰণ॥১॥