পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯অ]
২৮৫
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত।


তেবে স্নান কৰি অন্ন ভােজন কৰিলা।
নমস্কাৰ কৰি ৰামচৰণ ৰহিলা ॥৩১৷৷

⸻⸻

ষষ্ঠি অধ্যায়

—উদাসীন আৰু গৃহী ভকত—

শুনা সাধু জন আত অনন্তৰে তথা।
এক কালে মাধৱ দেবৰ যেন কথা॥
দুই পৰ সময়ে ভােজন কৰিলন্ত
আসি কঠ খানে বসি গুৱা পান খান্ত ॥১॥
তৈতে বসি আছন্ত ঠাকুৰ নাৰায়ণ।
মাধৱদেৱৰ সঙ্গে হৰষিত মন॥
আনো ভক্ত সব বসি তথাত আছন্ত।
ফোকাৰ তেজিয়া দেৱ মাধৱে বােলন্ত ॥২॥

—ভাত ৰন্ধাত কষ্ট—

ভাত দুটি ৰান্ধনাে আমাৰ বৰ দুঃখ।
গ্রীষ্ম কালে ৰৌদ্রে অগ্নি সমস্তে অসুখ॥
মাধৱব বাণী শুনি ঠাকুৰ নাৰায়ণ।
বােলা ৰামচৰণে ৰান্ধোক তযু অন্ন॥৩৷৷
স্থিৰ গম্ভীৰ সুচৰিত আতিশয়।
মহাশুদ্ধ ছৱালি যেহেন জলাশয়।৷