পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮অ]
২৭৫
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

 দিয়া বােলে হােস হৰিভক্ত।
গৈল তৰ তৰ কৰি  ন চাইলেক আৰ ফিৰি
 দেখি ৰঙ্গ ভৈলা ভক্ত যত ॥১১॥
ভুঞ্জিলন্ত অনন্তৰে  অন্নক মাধৱদেৱে
 পৰম আনন্দ হুয়া মন।
ভক্ত সব গৈলা ঘৰ  শুনা কথা সব নৰ
 আত অনন্তৰে ভৈলা যেন॥১২৷৷
 —ভক্ত গুৰুৰ প্ৰভেদ—
ভৱানী পুৰৰ  গােপাল আতাই
 মাধৱ দেৱৰ ঠাই
আসন্তে পথত  কঙ্কিলাৰ গুৰু
 থানে ৰহিলন্ত যাই ॥১৩৷৷
মাধৱ দেৱৰ  থান আউৰ দিনা
 দুয়ােজন চলি গৈলা।
এক চড়া ভাল  মালভােগ কল
 কঙ্কিলা গুৰুৱে লৈলা ॥১৪।
কথা মাতে আতি  হৰষিত মতি
 দুয়ােজন চলি যান্ত।
কত দূৰ যান্তে  চাৰিজন ভক্তে
 আসিয়া লাগ পাইলন্ত ॥১৫৷
দেখি দুয়ােজন  হৰষিত মন
 বার্ত্তা কথা পুছিলন্ত ।