পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩ অ]
৯৭
শ্রীশ্রীশঙ্কৰদেৱ-মাধবদেৱ চৰিত

 কন্যা মই পাইবো বাণ্ডুকাত।
অলঙ্কাৰ দিয়া আনি  লৰি যাওঁ এহিক্ষণি।
 মনত আনন্দে অসংখ্যাত॥৯॥
আগে দেৱ মাধৱৰ  দিলা আনি অলঙ্কাৰ
 ভাৰৰ বস্তুৰ লেখা কৰি।
ন ৰাখিলা কড়া এক  দিলেক কৰিয়া’ ধিক
 আপুনিও মোল দৰ কৰি॥১০॥
বোলন্ত মাধৱদেৱে  বিধি মোৰ সুপ্ৰসন্ন
 আপুনিও নিদিলে কন্যাক।
আমি কন্যা এৰিলাতে  একো নেদিলেক হন্তে
 তেবে কিবা কৰিবো এৰাক॥১১॥
এহি বুলি মহামতি  বোলন্ত তাৰাক মাতি
 চপায়োক ইটো ভাৰ চয়৷
তোমাৰ ঘৰৰ কন্যা বিবাহ কৰিবে বৰ
 বাঞ্ছা নেদিলাহা মহাশয়॥১২॥
থাকিয়োক বুলি উঠি  লৰিলন্ত মন তুষ্টি
 তৈলা গৈয়া গৃহত প্ৰবেশ।
শঙ্কৰদেৱৰ সঙ্গে থাকন্ত পৰম বঙ্গে
 মনে তান আনন্দ অশেষ॥১৩॥