পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৮
[৬৩ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত


 —তুলসী মালাৰ মাহাত্ম্য—
একদিনা উঠিলন্ত নীলাচল গই।
তুলসীৰ খান চাৰি পাঞ্চ মাল লই॥
দেখি নীলকণ্ঠ নামে ব্ৰাহ্মণ জনেক।
মাধৱ দেৱক নিন্দা কৰিলা অনেক॥৬॥
ভাল মন্দ মাধৱে একোৱে নুবুলিলা।
কতোক্ষণ মান শুনি ন মাতি আছিলা॥
তুলসীৰ মালাৰ ধৰিলা দোষ পাছে।
বোলা ইটো মালাত কমন ফল আছে॥৭॥
মালতীৰ মালাৰ নানান ফল কৈল।
শুনিয়া মাধৱদেৱে বুলিবাক লৈল॥
ন মাতিবে দেখি তুমি বৰ লাই পাইলা।
শুনিয়া আছিলো যত লাগয় বুলিল॥৮॥
ফল খুজিবাক আসি আছো তযু ঠাই।
মালতী মালৰ গুণ কোৱা পট্ পটাই॥
তুলসীৰ মালাৰ ফলক বিচাৰাহাঁ॥
কোঁৱা তুমি তুলসীৰ কি গুণ জানাহাঁ॥৯॥
এহি বুলি নানান পুৰাণ শ্লোক তুলি।
দেখাইলন্ত তুলসীৰ মহিমা সমূলি॥
শ্লোক পঢ়িবাৰ দেখি মাধৱদেৱৰ।
মনে মহা বিস্ময় মিলিল ব্ৰাহ্মণৰ॥১০॥
পাছে নীলকণ্ঠক বুলিলা বৰদেউৰী।
মাধৱক কিয় তুমি কোঁৱা এহ্ন কৰি।