পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৪
[৬২অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

নৱসিকিয়াৰো পাে  ৰামক বুলিলা তেহেঁ
 উত্তম শ্ৰৱণী এক জন।
পাইবাে তান আগে গীতা,  ভাগৱত, সহস্র নাম।
 তিনি শাস্ত্ৰ পঢ়িবাক মন ॥২৷৷
 -মাধৱদেৱৰ লগত শাস্ত্রালাপ-
আৰো শুনাে মাধৱৰ  পণ্ডিত গুণক বৰ
 তান লগে আলাপ কৰিত।
বহুদিন ধৰি চিত্ত  আছে জানা মজি তাঙ্ক
 আনি দিয়াে কৰা মােৰ হিত ॥৩৷৷
শুনি ৰামে আসি পাছে  মাধৱদেৱত কৈলা
 শুনিয়া মাধৱে হাসিলন্ত।
ন যাও বুলিল আগে  নাৰায়ণ ঠাকুৰ বাক্য
 শুনি পাছে কৌতূকে গৈলন্ত ॥৪॥
দেখি তেহেঁ সাদৰিলা  বসিবে দলিছা দিলা
 ন বসি কঠত বসিলন্ত।
অসুৰাৰি ভট্টাচার্য্যে  কোন দেশে জন্ম তযু
 বুলিয়া সাদৰে পুছিলন্ত ॥৫৷৷
কহিলা মাধৱদেৱে  আপােনাৰ জন্মস্থান
 আৰো যি যিবা পুছিলন্ত।
কহিলা সমস্ত কথা  শুনি ভট্টাচাৰ্য্য তথা
 মাধৱদেৱক বুলিলন্ত ॥৬৷৷
শুনিয়াে মাধৱ তােৰা  এখানি অকাৰ্য্য কৰা
 ভেদ কৰি কোৱা হৰি হৰ।