পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩০
[ ৬৬ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

এহি মতে তথা ৰৈল, কৃষ্ণ-কথা
 কহন্ত ভক্ত সবত।
ৰামচৰণৰ বচনে মাধৱ
 হৰিষ ভৈল মনত॥৩৭॥
চাৰি দণ্ড মান  কৃষ্ণ-কথা কই
 আছন্ত আনন্দে আতি।
বুলিল মাধৱ- -দেৱে অনন্তৰে
 ৰামচৰণক মাতি॥৩৮॥
আনো কথা সাৰ দোপাটি চাদৰি
 দিয়া আছো জানা মই।
তোকে দেওঁ পিন্ধা  -উড়া বুঢ়া বস্ত্ৰ
 মনত মানিবি তই॥৩৯॥
আন সেৱা কৰে  মমাকে আমিয়ো
 সেবা কৰো সৰ্ব্বক্ষণে॥
ভাল বস্ত্ৰখানি নেদেন্ত শুনিয়া
 বোলন্ত ৰামচৰণে॥৪০॥

—ৰামচৰণক আশ্বাস—

ভাল বুজি আছোঁ  মই এহি মান
 বস্ত্ৰ আশা কৰি মনে৷
তোমাঠেৰ সঙ্গ  লৈয়া আছো শুনি
 মাধৱে বোলা তেখনে॥৪১॥
জানা সিটো বস্তু  বিনাশী সমস্তে
 যিটো বস্তু দিবো তোক।