পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫ অ]
৩৯৯
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


আইধাই বাক্য শুনি ৰাজায়ে বোলয়।
মাধৱক লাগি আই চিন্তা নাহিকয়॥৪৮॥

—ৰাজসভাত বিচাৰ—


একদিন ৰাতি ৰাজা টঙ্গিত চড়িল।
পছিমা পণ্ডিত চাৰি টঙ্গিত তুলিল॥
মাধৱদেৱক পাছে মাতি নিয়াইলেক।
কথা তিনি জনাক পঠায় পুছিলেক॥৪৯॥
সেমাগলা ব্ৰাহ্মণ আৱৰ দুইজনে।
সিটো দুইজন নাম পাসৰিলো মনে॥
মাধৱদেৱত তিনি জনেয়ো কহিলা।
কোনদেশে জন্ম তযু ৰাজায়ে পুছিলা॥৫০॥
কহিলা মাধৱে জন্ম কথা আপোনাৰ।
হেনশুনি ৰাজায়ে পঠাইলা আৰবাৰ॥
শৰত-কালীক তাৰ পূজে নুপূজয়।
মাধৱদেৱত তাৰা পুনুহো পুছয়॥৫১॥

ফলকামীৰ কালী আদি


—পূজা প্ৰশস্ত—


মাধৱে বোলন্ত কেনে শৰত-কালীক।
পূজিবো আমৰা ৰাজা বোলে পুছ কিক॥
নুপূজয় শৰত-কালীক আৰা সবে।
মাধৱে বোলন্ত ভোগ ইচ্ছা কৰি যেবে॥৫২॥
তেবেসে পুজিবে লাগে শৰত কালীক।