পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৮
[ ৭৫ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


তাৰ মন গোট ভাল ভৈল হন্ত তেবে॥
কিসক তাঁহাৰ মনে দুঃখ লগাইলন্ত।
হেন শুনি খঙ্গি তাক মাধৱে বোলন্ত॥৪৩॥

—ৰজাৰ আগত গোচৰ—


কাৰ্য্যীৰ দেখিয়া ক্ৰোধ ভয় তোৰ মনে।
জড়ক চৈতন্য বুলিবোহোঁ কি কাৰণে॥
এহি বুলি তথা দেৱ মাধৱে ৰহিলা।
পাছে বীৰুকাৰ্য্যী গৈয়া ৰাজাত কহিলা॥৪৪॥
মাধৱে সমস্ত ৰাজ্য নষ্ট কৰিলেক।
দেৱ ধৰ্ম্ম কৰ্ম্ম লোকে সব এৰিলেক॥
পুত্ৰক এৰিল বাপে বাপেকক পোৱে।
সবে ৰাজ্যখান এহ্ন কৰিলা মাধৱে॥৪৫॥
মনে বোলে ৰাজা আক আছে বুজিবাক॥
সবে দিনে বীৰু প্ৰশংসয় মাধৱক॥
এখন কহয় মাত্ৰ দোষ মাধৱৰ।
হুয়া আছে আব দুঃখ কেনবা মনৰ॥৪৬॥
বীৰুক সম্বোধি ৰাজা বুলিলন্ত বাণী।
ভাল মই মাধৱক ঐক লাগি আনি॥
কৰিব বিচাৰ এহ্ন হুই নুই যেবে।
ৰাজ্যত থাকিবে তাৰা নলাগয় তেবে॥৪৭॥
এহি কথা আইধাই পাছত শুনিলা।
গৈয়া লক্ষ্মী-নাৰায়ণ ৰাজাক বুলিলা॥