পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৬
[৪৫অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

শুনিয়ো গোপাল  যেন চিৰকাল
 তােমাক নেৰিব ইটো।
এতেক বচন  শুনিয়া যেহেন
 সম্যকে সাৰিল সিটো ॥৯৷৷ (১)
কি কৰিলন্ত  বুলিয়া সমস্ত
 ভকতে খেদ কৰিল ।
সমস্ত ভকত   বিৰস মনত
 নমাতি সবে ৰহিল ॥১০৷৷

—পুত্র কমললােচনৰ দেহ কান্তি—

শুনা সাধুজন পাছে আউৰ দিন
 বেলি ভৈল দণ্ড দুই
কমল লােচন  ঠাকুৰ উঠিল
 আম পাৰিবাক গই ॥১১৷৷
গৌৰবৰ্ণ কায়  অগ্নি শিখা প্রায়
 আৰো সূৰ্য্য ৰশ্মি লাগে।
সূৰ্য্যৰ সমান প্রকাশ কৰন্ত
 চৰিয়া বৃক্ষৰ আগে ॥১২৷৷
ভকত সকল  সহিতে শঙ্কৰ
 চালিত আছন্ত বসি।


 (১) দ্বিজ ৰামানন্দ ৰচিত গুরু চৰিত্ৰ মতে গােপালদেৱে আম পাড়ি দিছিল, আরু শঙ্কৰদেৱে এই আম সকলো ভকতক ভগাই দিছিল।