পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৩]


 কিতাপ নকল কৰাত আৰু প্ৰেছৰ কাৰণে পাণ্ডুলিপি লিখাত যোৰহাটৰ শ্ৰীমান্ নিবাৰণ চন্দ্ৰ শৰ্মা আৰু কাকজানৰ শ্ৰীমান্ চেনিৰাম ভূঞাই আমাক বৰ সহায় কৰিছে।

 অসম উপত্যকাত থকা সময়ত কিতাপ যুগুত হোৱা সত্ত্বেও অহোপুৰুষাৰ্থ কৰিও কোনো প্ৰেছৰ হতুৱাই কিতাপখন ছপাব পৰা নাই। কলিকতাত চেষ্টা কৰিও নিৰাশ হলো। ছিলটলৈ বদলী হোৱাৰ পিচত ইয়াৰ আনন্দ- প্ৰেছৰ স্বত্ত্বাধিকাৰী বন্ধুবৰ শ্ৰীযুত আশুতোষ দাস মহাশয়ে মহাপুৰুষৰ জীৱনচৰিতৰ কথা শুনিয়েই অইন সকলো কাম এৰি তৎক্ষণাৎ কিতাপ খন ছপাই দিবলৈ গাত লয়। প্ৰেছৰ মেনেজৰ শ্ৰীযুত সাৰদাচৰণ দাস আৰু প্ৰিন্টাৰ শ্ৰীযুত জলেশ চন্দ্ৰ শৰ্মাই যিমান আগ্ৰহ আৰু উৎসাহেৰে ছপাৰ কাম সমাধা কৰিছে—ই ভাবিলে আচৰিত হব লগীয়া হয়। আমি তেওঁলোকৰ সকলোৰে ওচৰত বৰ কৃতজ্ঞ।

 আমাৰ ইচ্ছা আছিল— অসমীয়াৰ ঘৰে ঘৰে ঠাই পোৱাৰ কাৰণে এই কিতাপখনৰ দাম অতি কমকৈ নিৰ্দ্ধাৰণ কৰা। প্ৰেছৰ গৰাকীয়ে ছপাৰ দাম আজিকালিৰ দৰতকৈ অলপ কমকৈ ধৰা স্বত্বেও কাগজৰ দামৰ কাৰণে খৰচ বেচি পৰিল। সেই কাৰণে অনিচ্ছা স্বত্ত্বেও দাম অলপ বেচি হৈ পৰিল। সহৃয় সকলে আমাৰ এই অনিচ্ছাকৃত ত্ৰুটি মাপ কৰে যেন।


১৮৬৯ শকাব্দ।
বহাগ
ছিলট, মনাৰায় টিলা

ৰাজমোহন নাথ