এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪ অ ]
৯৯
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত
মোহোৰ কাৰণে কেনে দুঃখ পোৱা অকাৰণে
শুনি তাৰ বচন এতেক॥৫॥
পাৰয় নানান গালি সুন্টিয়া সুন্টিয়া বুলি
অশেষ মাতয় ক্ৰোধ কৰি।
তভো প্ৰিয়তৰ বাণী আশেষ কাকুতি কৰি
বুলিলন্ত কৃতাঞ্জলি ধৰি॥৬॥
সন্তোষ হৈয়োক এবে ক্ষমা কৰিয়োক আবে
মোৰ হেতু পোৱা কত দুঃখ।
নিন্দা শুনিয়া এতেক নাই কষ্ট অণু এক
আনন্দে উজল দেখি মুখ॥৭॥
—ৰামৰাম গুৰুৰ সভাত্যাগ—
মৰণ সমান লাজ ভৈলা তাৰা তিনি ভাই
সমাজতে লুকাই যে হেন।
পাছে ৰাম ৰাম গুৰু মহামন দুঃখ কৰি
উঠি লড়িলন্ত কতোক্ষণ।
ক্ষুদ্ৰ শৌচাহুইবে ছলে গৃহস্থত লৈলা জল
পাতখানি কৰিয়া নিশ্চয়।
গৈলন্ত বাটৰ ভিতি পানী ঘটি পেলাই তৈতি
গৃহক লৰিলা মহাশয়॥৯॥
যেতিক্ষণে পানী লইয়া সমাজৰ বাজ হৈয়া
ৰাম-ৰাম গুৰু লৰিলন্ত।
তেখনে মাধৱদেৱে মনত তৰ্কিলা এহেঁ
দুঃখ কিছু মনে লভিলন্ত॥১০॥