পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৪
[৬৫ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


কৈক যাস ব্ৰাহ্মণ বুলিয়া পুছিলন্ত।
ভিক্ষা মাগিবাক যাওঁ তেঁহে কহিলন্ত॥৪॥
হেন শুনি বোলে সিটো নপাস যাইবাক।
ব্ৰাহ্মণ বোলন্ত চাউল নাহিকে খাইবাক॥
ভিক্ষা কৰি আসো যাই এহি বুলি যান্ত।
দেখিয়া গোপালে তাঙ্ক গালি পাৰিলন্ত॥৫॥
উভতে পাভতে নানা মন্দ ছন্দ বাক।
শুনিয়া ব্ৰাহ্মণে বোলা মৃদু মৃদু বাক॥
কিসক গোপাল বাপু গালি পাৰা তুমি।
এতিক্ষণে ভিক্ষা কৰি আসিবোহোঁ আমি॥৬৷
এহিবুলি দ্বিজবৰ যান্ত পুনৰপি।
সিটো বোলে ব্ৰাহ্মণ যাস দেখো তথাপি॥
যাওঁ তভো ব্ৰাহ্মণ এখনো আসো বুলি।
খেদি যাই সিটো দলি বাড়ি গোট তুলি॥৭॥
দুয়ো ভাই দলি ভাঙ্গিবাক লাগি আছে।
ব্ৰাহ্মণৰ গাৱ দলি মাৰি দিয়া পাছে॥
দিল পাঙ্ক ব্ৰাহ্মণ পৰিল লুটি খাই।
আই মুণ্ড হন্তে তেজ ধাৰে বহি যাই॥৮॥
কান্দন্তে ব্ৰাহ্মণ পাছে উলটি গৈলন্ত।
মাধৱদেৱত গৈয়া সবে কহিলন্ত॥
শুনিয়া মাধৱদেৱে ক্ৰোধত জ্বলিল।
ভক্তক মাৰিল আৰ কি মোৰ ৰহিল॥৯॥