পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৮]

যে—মাধৱদেৱ কোচ বেহাৰৰ লক্ষ্মীনাৰাণ ৰজাৰ সভালৈ গৈ নিজৰ পৰিচয় দিওতে কৈছে—

 “শুনিয়া মাধৱে বুলিলন্ত নৃপতিক। সত্তৰি বছৰ মোৰ পঞ্চম অধিক॥ কায়স্থ কুলত মোৰ জনম আছয়। শঙ্কৰ মোহৰ গুৰু জানিবা নিশ্চয়॥” মাধৱদেৱ ৭ বছৰ মান বেহাৰত আছিল। এই হিচাব মতে প্ৰয়াণৰ সময় মাধৱদেৱৰ বয়স ৮১|৮২ বছৰ মান হৈছিল। কিন্তু ৺লক্ষ্মীনাথ বেজবৰুৱাৰ মতে মাধৱদেৱ পুৰুষৰ বয়স ১০৭ বছৰ হৈছিল।

 ৰূপ সনাতন—ৰামচৰণ ঠাকুৰৰ শঙ্কৰ চৰিত মতে (৩য় খণ্ড ১৯১৯-১৯২৮ পদ) প্ৰথম বাৰ তীৰ্থ যাত্ৰাৰ সময়ত বৃন্দাবনৰ বাটত শঙ্কৰদেৱে ৰূপ-সনাতনক লগ পায়। ৰূপ সনাতন তেতিয়া সন্ন্যাসী, শঙ্কৰদেৱৰ পৰামৰ্শমতে শ্ৰীৰূপে তেওঁৰ পত্নীক লগত লৈ যায়। দৈত্যাৰিৰ মতে দ্বিতীয়বাৰ তীৰ্থ যাত্ৰাৰ সময়ত এক নগৰত ৰূপ সনাতনৰ ভাগিনৰ লগত শঙ্কৰদেৱৰ সাক্ষাৎ হয়।

 ভূষণ দ্বিজৰ মতে (১৪০ পিঠি) দ্বিতীয় বাৰ তীৰ্থ যাত্ৰাৰ সময়ত আলি নগৰত শঙ্কৰদেৱে বৃন্দাবনবাসী ৰূপ সনাতনৰ শিষ্য এজনৰ লগ পায়। দ্বিজ ৰামানন্দৰ গুৰু চৰিত্ৰমতে দ্বিতীয়বাৰ তীৰ্থ যাত্ৰাৰ সময়ত শঙ্কৰদেৱে বালিনগৰত শ্ৰীৰূপৰ শিষ্য এজনক লগ পায়, আৰু তেওঁৰ পৰা ৰূপ সনাতনৰ চৰিত কথা শুনে। সেই সময়ত শ্ৰীৰূপ বৈকুণ্ঠগামী।

 ললিত মাধৱ নাটৰ (শ্ৰীৰূপ গোস্বামী প্ৰণীত) পাতনিত শ্ৰীসত্যেন্দ্ৰ নাথ বসুৰ মতে ১৪৩৬ শকত শ্ৰীৰূপ সন্ন্যাসী হয়, আৰু ১৪৭০ শকৰ শ্ৰাৱণী শুক্লা দ্বাদশীত বৈকুণ্ঠগামী হয়। সনাতন ১৪৩৭ শকত সন্ন্যাসী হয়, আৰু ১৪৭৬ শকৰ আষাঢ় পূৰ্ণিমাত স্বৰ্গী হয়। আই কনকলতা চৰিত্ৰ মতে ৰূপ সনাতন ১৪৪০ শকত সন্ন্যাসী হয়।

 শক বিবেচনাত ৰামচৰণ ঠাকুৰৰ কথা বিশ্বাসযোগ্য ন হয়। প্ৰেম বিলাস গ্ৰন্থত শ্ৰীৰূপৰ স্ত্ৰী থকাৰ উল্লেখ আছে, আৰু শ্ৰীৰূপে তেওঁক এৰি সন্ন্যাসী হোৱাৰ কথাও আছে। শ্ৰীশ্ৰীভক্তমাল গ্ৰন্থত (১০ পিঠি) সনাতনৰ এজন বহিনাইৰ উল্লেখ আছে। গতিকে দ্বিতীয় বাৰ তীৰ্থযাত্ৰাৰ সময়ত (১৪৮৪ শকত) ৰূপ সনাতন দুয়োজন বৈকুণ্ঠগামী হোৱাৰ পিচত তেওঁলোকৰ ভাগিনৰ লগত শঙ্কৰদেৱৰ সাক্ষাৎ হোৱা কথাটো বেচি

যুক্তিযুক্ত।