পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত। [ ১২ অ

দুই চাৰি টকা যেবে  আছিলেক কিছু মান।
 ন-পৰাতে ভৈল সবে ব্যয়॥৮॥
নানান ঔষধ দিল  ৰোগ পাছে নিবৰ্ত্তিল
 ভৈলা সুস্থ বেদনা এড়াই।
গুণন্ত তিনিয়োজনে  পাছে মহা দুঃখ মনে
 খাইবে খুন্টিবাক একো নায়॥৯॥
ইষ্ট কুটুম্ব নাই  প্ৰাৰ্থিবো গৈ তাৰ ঠাই
 আবে আমি কৰা কোন কাম।
মহা পাপচয় পোড়া  শঙ্কৰ মাধৱ বোলা
 দুঃখচয় হোক উপশাম॥১০॥

———



এয়োদশ অধ্যায়


—লেটেকুপুখুৰী ত্যাগ—



এহিমতে মনে গুণি কৰিলা নিশ্চয়।
চিৰকালি মিত্ৰ এক আমাৰ আছয়॥
তাহান থানক যাই বুজোঁ তান মন।
এহি বুলি পিতা পুত্ৰে কৰিলা গমন॥১॥

-বন্ধুৰ ঘৰত অনাদৰ-



গোধূলিকা বেলা গৈয়া পাইলা তান ঘৰ।
দেখি সিটো তাঙ্ক নকৰিলেক আদৰ॥