পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৬
[ ৬৬ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

 প্ৰবোধি বিদায় দিলা॥১৩॥
বোলন্ত তোমাৰ  আমাৰ জানিবা
 পৰিচ্ছেদ এহি মানে।
পূৰ্ব্বে এহেঁ এত  খানিকো কথাক
 পুছিলা আমাৰ থানে॥১৪॥
আবে চতুৰ্ভুজ—  ৰূপৰো কথাক
 নমানো এহেঁ বুলিলা।
আনো নানা মত  বুলি এহি মত
 মাধৱদেৱ ৰহিলা॥১৫।

—ৰামচৰণৰ লগত তৰ্ক—

আৰো শুনা তৈত  যেন কথা ভৈল
 বৈশাখ বিষু শুক্লাত।
ভকত সকল  সহিতে মাধৱ
 কন্ত কৃষ্ণ কথা যত॥১৬॥
ভিতৰ চালিত  মনত হৰিষি
 গোসাঁইৰ ঘৰত পাছে।
কৰন্ত কীৰ্ত্তন  কীৰ্ত্তনীয়া জনে
 বৰ সভা হই আছে॥১৭॥
পাটৰ পাছোড়া  গাৱত উৰিয়া
 ৰামচৰণ গৈলা তথা।
ভক্ত সমে গই  কৃষ্ণ কথা কই
 আছন্ত মাধৱ তথা॥১৮॥