পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭ অ]
৩৩৫
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

—স্থান এৰিলে দুঃখ নেৰে—

অনৰ্থৰ কাৰণ মনৰ সঙ্গ যাৱে।
নেৰা মানে জানিবা নপাইবা মোক্ষ তাৱে॥
শুন আতপৰে যেন সম্বাদ মিলিল।
মেঘ ছৱালিয়া নামে জনেক আছিল॥১৬॥
মাধৱদেৱক নমস্কাৰ কৰি যাই।
দক্ষিণ কূলক যাই কৈলন্ত বিদায়॥
মাধৱে বোলন্ত কিয় যাইবা দক্ষিণ কূলে।
আবে ঐত বৰ দুঃখ পাইবো সিটো বোলে॥১৭॥
বোলন্ত মাধৱদেৱে সজ সজ যাইবে।
লাগয় পাৰিত যৈত দু:খক এৰাৱে॥
কিন্তু লোহিতৰ পাৰ যেতিক্ষণে হৈবা।
সেহি পাৰে শৰীৰ ছায়াক এৰি যাইবা॥১৮॥
সিটো বোলে ছায়া এৰি যাইবোঁ কেনমতে।
শৰীৰৰ ছায়া যাই আপুনি লগতে॥
মাধৱে বোলন্ত ছায়া এৰণ ন যায়
সেহি মতে দুঃখ সুখ এৰাএৰি নায়॥১৯॥
ঐৰ পৰা তৈকে যাইবা দুঃখ এৰাইবাক।
প্ৰাৰন্ধ ভোগক তুমি দিয়া যাইবা কাক॥
আপোনাৰ সুখ দুঃখ ভুঞ্জিলেসে ক্ষয়।
আন মতে তাঙ্ক এৰাইবাক ন পাৰয়॥২০॥
তথাপিতো যায়ো কিবা পাৰি এৰাইবে।
দক্ষিণ কূলক গৈলা প্ৰণামিয়া তেবে॥