পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১ অ ]
৩৬৫
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


কিন্তু মহন্তৰ বাক্য পালি সাধু জন॥
কৰে দুয়ো ঈশ্বৰৰ চৰিত্ৰ বৰ্ণন॥
ন কৰিবা নিন্দা বোলো কাৰ্পুণ্য বচন।
শঙ্কৰ মাধৱ বুলিয়োক সৰ্ব্ব জন॥২৯॥

একসপ্ততিতম অধ্যায়

—বেহাৰত অৱস্থান—


শুনা আতপৰে   বেহাৰ নগৰে
  মাধৱদেৱ আছন্ত।
আসিলা বৈষ্ণৱ   শুনিয়া উৎসৱ
  ৰাজা প্ৰজা কৰিলন্ত॥১॥
চাহিবাক প্ৰতি   আসিলা উলটি
  নগৰস্থ যত জন।
মাধৱদেৱক   দেখিল মাত্ৰকে
  হৰষিত ভৈল মন॥২॥
কৰয় প্ৰণাম   আনন্দ পৰম
  চৰণৰ ধূলি লৱে।
সমস্ত লোকক   সন্তোষি মনক
  কহন্ত কথা মাধৱে॥৩॥
শুনি লোক যত   হৰিষ মনত
  অমৃত যেন পীৱয়।