পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৮
[৬৭ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


শিহৰি শৰীৰ বহে নয়নৰ নীৰ।
ৰামকৃষ্ণ নাম স্মৰি তেজিলা শৰীৰ॥
সমস্তে বিস্ময় মনে মানিল দেখিয়া।
কৰিলা হৰিষ দেৱ মাধৱে শুনিয়া॥৩২॥

—হৰিচৰণৰ খড়িমাটি—

আত অনন্তৰে কথা শুনা সাধুজন।
গৈল হৰিচৰণ ঠাকুৰ এক দিন।
মাধৱদেৱৰ তৈকে আনন্দিত মন।
কৃষ্ণ-কথা ৰসে আছিলন্ত কতোক্ষণ॥৩৩॥
অনন্তৰে গৃহ যাইবে মনে লৰি গৈলা।
মাধৱদেৱৰ গৈয়া ঘৰে প্ৰৱেশিলা॥
অনাইলন্ত খড়িমাটি অনেক যতনে।
গোঁসাইৰ ঘৰক চিত্ৰ কৰাইবাক মনে॥৩৪॥
দেখি হৰিচৰণ ঠাকুৰে হাতে লৈলা।
ভাল এক ডোখৰ ঘৰক লৈয়া গৈলা॥
মনপুৰে দেখি হাক বিস্তৰ দিলন্ত।
আতা খঙ্গিবন্ত বুলি, তথাপি নিলন্ত॥৩৫॥
মাধৱদেৱত পাছে কৈলা মনপুৰে।
খড়ি মাটি নিলা হৰিচৰণ ঠাকুৰে॥
তাসম্বাৰ চিত্ত দেখি মাধৱে খঙ্গিয়া।
বোলন্ত এখন কহ আগে মাটি দিয়া॥৩৬॥
মনপুৰে বোলে নেদো আমি কিয় দিম।