পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৬
[৬৩অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত


বনাছ বোৱয় বেচ পোণেকো হাতত॥৪৯॥
স্ত্ৰী গোটে বাটি ব’ সমস্তে কৰয়।
কেৱল মৰদ গোটে বসি মাত্ৰ বয়॥
দহতি খানেক নিতে দুইজন বৱে।
দশপোণ কড়ি সিটো প্ৰতিদিনে পাৱে॥৫০॥
খাৱন্তাৱো দুইজন ছৱা পোৱা নাই।
বৎসৰেত পাইকে দুই টাকা লৈয়া যাই॥
আন কিছু ব্যয় আৰ নাহিকে তাহাব
তথাপিতো মোহৰ চল্লিশ টকা ধাৰ॥৫১॥
মাধৱৰ পিতৃৰ গোবিন্দ নাম জানি।
মাতন্ত মাধৱে অঙ্ক বুলি ওঁবা বাণী॥
একদিনা পুছিলন্ত তাহান্ত মাধৱে॥
বোলা ওঁবা তোমাত কতবা ধাৰ হোৱে॥৫২॥
কি কৰাহাঁ এতেক আজহি দুই জনে॥
খাৱন্তাৱো আন নাই দুইজন বিনে॥
কিসক তোমাতে তেবে এতে ভৈল ধাৰ।
কোৱা ওঁৰা হৰিৰ পো কাৰণ ইহাৰ॥৫৩॥
শুনি সিটো বোলে ধাপ ন জাননা এতেক।
কিসক বা ধাৰ মোত ভৈল পৰতেক॥
মোহোৰ চল্লিশ টকা ধাৰোহোঁ পৰৰ।
হেন শুনি দিলা তাঙ্ক মাধৱে উত্তৰ॥৫৪॥
কৰাহা অধৰ্ম্ম মিছা ন মাতিবা তুমি।
কৈবা সাৰোত্তৰ যিবা কথা পুছো আমি॥