পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪ অ]
৩১১
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

 কৰিবো তেবে ভোজন।
মাধৱদেৱৰ  বচন শুনিয়া
 সবাৰো হৰিষ মন॥১৬॥
 —কণ্ঠভূষণৰ ঘৰত আলহী—
কণ্ঠভূষণ নাম  দ্বিজবৰ অনুপাম
 মাগুৰি গ্ৰামত আছিলন্ত।
সদাচাৰী শুদ্ধ মন্ত  কৃষ্ণত ভকতি মন্ত
 ৰাজগুৰু নাম বোলাইলন্ত॥১৭৷
কৰিলন্ত ৰামৰাম-  -গুৰুৰ বেটিক বিহা
 জানা তেহে পৰম পণ্ডিত।
এক বাৰ কাতি মাস  গৈলন্ত তাহান পাশ
 তাঙ্ক দেৱ মাধৱে দেখিত॥১৮॥
আছিলন্ত তান সঙ্গে  কৃষ্ণ কথা চৰ্চি ৰঙ্গে
 একমাস ভকতে সহিত।
তাহান ঘৰতে অন্ন  কৰত ভোজন নিতে
 শুনা আবে ভোজনৰ ৰীত॥১৯৷
ভাত কাসি পাৰিষন্তে  গ্ৰাস দুইমান পাৱে
 পুনৰপি নাসয় যাৱত।
ব্যঞ্জন আমৰা গোট  মান তাক লাৰি চাৰি
 থাকিবাক লাগয় তাৱত॥২০॥
খান নৱ দশ মান  ব্যঞ্জন ৰান্ধয় নিতে
 ভোজন কৰয় নিত্যাগত।